পৰম শ্ৰদ্ধাভাজন
৭৯নং চিচিবৰগাওঁ সমষ্টিবাসী ৰাইজ। আগন্তুক ৰঙালী বিহুৰ ওলগ আৰু সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব। আগন্তুক বিধানসভা নিৰ্বাচনত মই নন্দীগিৰি ভূঞা সমাজ কল্যাণ মঞ্চ আৰু চিচিবৰগাও সমষ্টিৰ মোৰ শুভাকাংক্ষী সকলৰ সহযোগত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছো। চিচিবৰগাও সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আৰু সমাজৰ আৰ্থিকভাৱে দুৰ্বল আৰ্তজনৰ কাষত সদায় ঠিয় দি থকাৰ প্ৰতিশ্ৰুতিৰে আপোনা সবৰ আৰ্শিবাদ কামনা কৰি আগন্তুক ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণৰ দিনা টিভি চিহ্নিত আপোনাৰ বহুমুলীয়া ভোটটো প্ৰদান কৰি আমাক জয়যুক্ত কৰি ৰাইজৰ সেৱা আগবঢ়াবলৈ সুবিধা দিয়ে যেন।
সেৱাৰে
বিনীত
নন্দীগিৰি ভূঞা
৭৯ নং চিচিবৰগাও সমষ্টি